Last Updated:
এই বৈঠকতে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে সভাপতি অখিল গগৈয়ে। বহু প্ৰতিশ্ৰুতিৰে অখিল গগৈয়ে প্ৰকাশ কৰিলে নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰত নতুন অসমৰ লক্ষ্য ৰাইজৰ দলৰ। থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত নতুন অসমৰ লক্ষ্য ৰাইজৰ দলৰ।
কংগ্ৰেছৰ পৰা ১৫খন আসন বিচাৰিলে ৰাইজৰ দলে। আজি কাজিৰঙাৰ অৰ্কিড পাৰ্কত গৌৰৱ গগৈৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আসন ভাগ-বটোৱাৰাক লৈ এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি গৌৰৱ গগৈ আৰু মোৰ মাজত দুঘণ্টা বৈঠক হয়। বৈঠকখন সৌহাৰ্দ্যপূৰ্ণ আৰু আন্তৰিকতাৰে হয়। ২৬ৰ বাবে বিৰোধীৰ মিত্ৰতা সম্পৰ্কতে মূলত আলোচনা হয়। গৌৰৱ গগৈক ২০২৬ত অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰূপে চাব বিচাৰে। দেৱব্ৰত শইকীয়াৰ আলোচনাৰ পিছতে অচলাৱস্থা আহিছিল মিত্ৰতাত। গৌৰৱ গগৈৰ বাবে মই বুকু খুলি দিছিলো। আৰু চাৰিটা খোজ আগুৱাই দিলে মিত্ৰতা হৈ যাব। গৌৰৱ গগৈক মই ভাবিছিলো ৰিজাৰ্ভ, কিন্তু গৌৰৱ গগৈ সাৱলীল।’’
অখিল গগৈয়ে কয়, আমি ২০খন আসন বিচৰা নাই। ২০ জনীয়া তালিকা দিছো, তাৰে ১৫টা সমষ্টি বিচাৰো। ১৫ টা মোক লাগিব, ১৫টাৰ তলত মই যাব নোৱাৰিম। মাত্ৰ অলপ আগবাঢ়ি আহিলে আমাৰ খেলা খটম।
এই বৈঠকতে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে সভাপতি অখিল গগৈয়ে। বহু প্ৰতিশ্ৰুতিৰে অখিল গগৈয়ে প্ৰকাশ কৰিলে নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰত নতুন অসমৰ লক্ষ্য ৰাইজৰ দলৰ। থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত নতুন অসমৰ লক্ষ্য ৰাইজৰ দলৰ।
নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি, বছৰৰ বাৰ মাহে কৃষি আৰু উৎপাদন, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ’ব। অসমৰ উৎপাদিত সামগ্ৰীৰে বজাৰ দখল কৰাৰ লক্ষ্য।
দক্ষতা আৰু পেছাদাৰী অসম নিৰ্মাণৰ লক্ষ্য ৰাইজৰ দলৰ। অসমৰ চাহক মাথোঁ ব্লেক টি নহয়, হোৱাইট টি, গ্ৰীণ টি হিচাপে উৎপাদনৰ লক্ষ্য। সেৱা খণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তন অনাৰো লক্ষ্য ৰাইজৰ দলৰ।
দেশৰ পৰ্যটন কেন্দ্ৰ হিচাপে অসমক গঢ় দিয়াৰ লক্ষ্যৰ কথাও ইস্তাহাৰত উল্লেখ কৰিছে ৰাইজৰ দলে। বৃহৎ জলবিদ্যুতৰ পৰিৱৰ্তে মধ্যমীয়া জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ’ব। বাঁহৰ জৰিয়তে অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তনৰ লক্ষ্য।
বিনা সুতত ষ্টাৰ্ট আপক ধন আৱণ্টন দিয়া হ’ব। তাৰ বাবে বাজেটত ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হ’ব। শ্ৰমিকৰ দক্ষতা বিকাশ কৰাৰ লক্ষ্যৰ কথা কোৱা হৈছে। ৰাইট টু হেল্থৰ ব্যৱস্থা কৰিব। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ লক্ষ্যৰ কথাও উল্লেখ আছে ইস্তাহাৰত।
লগতে সকলো খিলিঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হ’ব। ‘কা’ প্ৰৱৰ্তন কৰিবলৈ নিদিয়াৰ আশ্বাস প্ৰদান কৰা হৈছে। বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা আৰু বান ৰোধৰ পৰিকল্পনাৰ লক্ষ্য। মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীক জনজাতিকৰণৰো প্ৰতিশ্ৰুতি দিয়া হৈছে। তদুপৰি নাথ যোগী, শৰণীয়া কছাৰী, মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰো দাবী ৰাইজৰ দলৰ।
ভয়মুক্ত অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ। ঠেলা, ৰিক্সা চালক সকলো সুৰক্ষিত হ’ব। চৰকাৰক সমালোচনা কৰিলে আমি কোনোদিন জে’লত নপঠাওঁ। সকলো চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰা হ’ব। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ’ব বুলিও ইস্তাহাৰত প্ৰকাশ ৰাইজৰ দলৰ।
Akhil Gogoi : কংগ্ৰেছৰ পৰা ১৫খন আসন বিচাৰিলে অখিল গগৈয়ে, কাজিৰঙাৰ অৰ্কিড পাৰ্কত গৌৰৱ গগৈৰে ৰুদ্ধদ্বাৰ বৈঠক, প্ৰকাশ কৰিলে ৰাইজৰ দলৰ ইস্তাহাৰ



