[ad_1]
Last Updated:
২৫ বছৰীয়া দীঘলীয়া ৰাজনৈতিক যাত্ৰাৰ পিছত এইবাৰ সংকটৰ সন্মুখীন হৈছে ৰূপজ্যোতি কুৰ্মী! সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠিত মৰিয়নী সমষ্টিত বিপদত পৰিছে বিধায়ক ৰূপজ্যোতি।
২৫ বছৰীয়া দীঘলীয়া ৰাজনৈতিক যাত্ৰাৰ পিছত এইবাৰ সংকটৰ সন্মুখীন হৈছে ৰূপজ্যোতি কুৰ্মী! সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠিত মৰিয়নী সমষ্টিত বিপদত পৰিছে বিধায়ক ৰূপজ্যোতি। ৰূপজ্যোতিক ভেটিবলৈ অভিযান আৰম্ভ কৰিছে অখিল গগৈয়ে। আনহাতে কংগ্ৰেছেও এইবাৰ মৰিয়নীত শক্তিশালী প্ৰাৰ্থী দিয়াৰ পৰিকল্পনা কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে মৰিয়নী সমষ্টিৰ টিকটক লৈয়ো বিজেপিত গুণাগঠা চলাৰ খবৰ ওলাইছে। বিজেপিৰ পৰা নতুন মুখে মৰিয়নীত এইবাৰ প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলিছে।
নিজকে মৰিয়নী সমষ্টিৰ বুলি উল্লেখ কৰি এইবাৰ যিকোনো প্ৰকাৰে ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত পৰাভূত কৰা হ’ব বুলি জানিবলৈ দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মৰিয়নী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দি অখিল গগৈয়ে কয় যে মৰিয়নীত তেওঁ ব্যাপক ভাবে প্ৰচাৰ চলাব। মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে মত ব্যক্ত কৰিছে যে ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালে বিগত ৪০ বছৰ ধৰি মৰিয়নী দখল কৰি আহিছে। কিন্তু সমষ্টিটোৰ বিশেষ একো উন্নতি হোৱা নাই। উন্নয়ন শূন্য সমষ্টিটোত সকলোৱে মিলি ৰূপজ্যোতিক প্ৰতিহত কৰিব পাৰিম বুলি মত ব্যক্ত কৰি নিজেই এইবাৰ নিৰ্বাচনত মৰিয়নীৰ দায়িত্ব লব বুলি সাজু হৈছে অখিল গগৈ।
বিগত ২৫ বছৰ ধৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈ অহা ৰূপজ্যোতি কুৰ্মীৰ বাবে এইবাৰ আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নতুনকৈ গঠিত মৰিয়নি বিধানসভা সমষ্টিটোৱে। ৰূপজ্যোতি কুৰ্মীৰ দখল থকা পূৰ্বৰ মৰিয়নী বিধানসভা সমষ্টিৰ বহু অঞ্চল অন্তৰ্ভুক্ত হল নৱগঠিত টীয়ক, তিতাবৰ আৰু যোৰহাট বিধানসভা সমষ্টিত।
মৰিয়নী বিধানসভা সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত ভোটাৰৰ সংখ্যা হ’ল (২০২৪ চনৰ ২৯ অক্টোবৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি ) ১,৬৪,৬৪০ জন। সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে মৰিয়নী সমষ্টিৰ ভোটাৰৰ সংখ্যা আছিল ১,২৩,৬৫৮ জন। সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত মৰিয়নীত প্ৰায় ৪০ হাজাৰ ভোটাৰ বৃদ্ধি পায়। সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত মৰিয়নী সমষ্টিত অতিৰিক্ত চাৰিখন গাঁও পঞ্চায়তসহ মুঠ ৯খন গাওঁ পঞ্চায়ত নতুনকৈ অন্তৰ্ভূক্ত হয়। টীয়ক সমষ্টিৰ পৰা ৯খন গাঁও পঞ্চায়ত মৰিয়নী সমষ্টিত অন্তৰ্ভূক্ত হোৱাৰ লগতে মৰিয়নীৰ ১০খন চাহ বাগিচা তিতাবৰ সমষ্টিত অন্তৰ্ভূক্ত হয়। কাজেই হ্ৰাস পায় ৮-১০ হাজাৰ বাগিচাৰ ভোটাৰ।
ফলস্বৰূপে এইবাৰ বিজেপিৰ পৰা টিকট লাভ কৰাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ দীৰ্ঘকালৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাই বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত চৰ্চা চলিছে ২০১১ চনত বিজেপিৰ পৰা মৰিয়নিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা শান্তনু গগৈৰ নাম। অসম বিজেপিৰ জ্যেষ্ঠ সদস্য শান্তনু গগৈ বিগত সময়ছোৱাত বহু কেইটা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। চৰকাৰৰ অবিচি কমিছন অসমৰ অধ্যক্ষ আছিল শান্তনু গগৈ । ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অব ছ’চিয়েল জাষ্টিচ এণ্ড এমপাৰামেণ্ট (CRC)ৰ সদস্য তথা ফিল্ম চেন্সৰ ব’ৰ্ডৰো সদস্য আছিল গগৈ। এইবাৰ মৰিয়নী সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ অন্যতম দাবীদাৰ ৰূপে পৰিগণিত হৈছে শান্তনু গগৈ।
মুঠৰ ওপৰত এইবাৰ নিৰ্বাচন মসৃণ নহ’ব ৰূপজ্যোতি কুৰ্মীৰ বাবে। কাৰণ তিতাবৰ সমষ্টিত বিজেপিৰ পৰা টিকট লাভ কৰিব বুলি সৰ্বাধিক চৰ্চিত হৈ আছে আটছাৰ প্ৰাক্তন সভাপতি ধীৰাজ গুৱালাৰ নাম। সেয়ে হ’লে এখন জিলাত দুটা সমষ্টিতে চাহ জনগোষ্ঠীৰ লোকক টিকট দিয়াৰ সম্ভাৱনা অতি কম। সেয়ে হ’লে ৰূপজ্যোতি কুৰ্মী টিকটৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা অধিক বুলি বৰ্তমান চৰ্চা চলিছে। কিন্তু ৰূপজ্যোতি কুৰ্মীয়েও দীৰ্ঘদিন ধৰি নৱ গঠিত মৰিয়নী সমষ্টিৰ নতুন অঞ্চলসমূহত সাংগঠনিক কামকাজ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। এইবাৰ নিৰ্বাচন যে পূৰ্বৰ তুলনাত জটিল হৈ পৰিছে সেয়া নিশ্চিত।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰিয়নীত সংকটৰ সন্মুখীন হৈছে ৰূপজ্যোতি কুৰ্মী! বৃদ্ধি পালে ভোটাৰৰ সংখ্যা কিন্তু হ্ৰাস পালে বাগিচাৰ ভোটাৰ!
[ad_2]
Source link







